POK নামটোৰ অন্তৰালত কি আছে বাৰু জানিব মন নাযাই নে –

ইয়াৰ বিষয়ে জানিবলৈ হলে আমি জম্মু কাশ্মীৰৰ ইতিহাস অলপ জানিলে বেছি ভাল হয় ।এই সম্পৰ্কে উল্লেখ আছে ‘ৰাজতৰঙ্গিনীত’।

‘ৰাজতৰঙ্গিনী’হ’ল এখন ঐতিহাসিক গ্ৰন্হ। বুৰঞ্জীবিদ কল্হণে ১২ শতাব্দীত এই ‘ৰাজতৰঙ্গিনী’ত কাশ্মীৰৰ কথা লিখিছিল। ৰাজতৰঙ্গিনী সংস্কৃত ভাষাত লিখিত এখন গ্ৰন্হ। ৰাজতৰঙ্গিনীৰ অৰ্থ হ’ল ‘ৰজাসকলৰ নদী বা ৰজাসকলৰ সময়প্ৰবাহ’। এই গ্ৰন্থখনত মুঠতে আঠটি তৰঙ্গ আছে বা অধ্যায় আছে। মহাভাৰতৰ কালৰ পৰা লৈ কল্হনৰ কাললৈকে থকা ৰজাসকলৰ কথা এই উল্লেখ আছে।

ইয়াত উল্লেখ আছে যে কাশ্মীৰৰ পুৰনি নাম ‘কশ্যপমেৰু’ যি ব্ৰহ্মাৰ পুত্ৰ মৰিচৰ পুত্ৰ আছিল। ইয়াত উল্লেখ আছে যে পঞ্চপাণ্ডৱৰ সৰুজন সহদেৱে প্ৰথমে ইযাত ৰাজ্য স্থাপনা কৰিছিল। আৰু ইয়াত বৈদিক ধৰ্মৰ প্ৰচলন আছিল।

ৰাজতৰঙ্গিনীত উল্লেখ আছে যে শ্ৰীনগৰ মহান অশোকে স্থাপনা কৰিছিল আৰু তেওঁৰ সাম্ৰাজ্যৰ অংশ আছিল এই স্বৰ্গ ৰাজ্য জম্মু-কাশ্মীৰ। ইয়াৰোপৰি বহু গুনি জ্ঞানী ৰজাৰ সাম্ৰাজ্যৰ অংশ আছিল এই কাশ্মীৰ। জৰাসন্ধৰ সম্বন্ধীয়া গোনন্দ প্ৰথম নামৰ ৰজা আৰু তেওঁৰ বংশধৰসকলৰপৰা আদি কৰি মহান অশোক, মেঘৱাহন বিক্ৰমাদিত্য, ললিতাদত্য, আদি মহান ৰজাসকলৰ সাম্ৰাজ্যৰ অংশ আছিল এই স্বৰ্গ ৰাজ্য কাশ্মীৰ। অষ্টম তৰঙ্গত মহাৰাজ শুসলাৰ ৰজা আৰু তেওঁৰ পুতেকসকলৰ বৰ্ননাৰে এই ৰাজতৰঙ্গিনী শেষ হৈছে।

১৪শ শতিকাত মোগলৰ হাতলৈ যায় যদিও মোগলে পাঠানৰ হাতত পৰাজয় স্বীকাৰ কৰাৰ পিছত অলপ দিন পাঠানে এই ৰাজ্য শাসন কৰে । এই সময়খিনিক ‘কলাযুগ’ বুলি কোৱা হয়।ইয়াৰ অলপ দিনৰ পিছতে মহাৰজা ৰণজিৎ সিঙে পাঠানক পৰাস্ত কৰি তাত শিখ সাম্ৰাজ্য স্থাপন কৰে।

ইংৰাজসকল ভাৰতলৈ অহাৰ পিছত হোৱা লাহোৰ সন্ধিৰ পিছত ইংৰাজে গোলাপ সিঙক জম্মু কাশ্মীৰৰ ৰজা বনায়।আৰু গিলগিট ঠাইখিনি ইংৰাজে নিজৰ এজেঞ্চিৰ বাবে লীজত লৈছিল। ইয়াত ‘গিলগিট স্কাউট সেনা’ অনবৰত সচকিত হৈ আছিল, আৰু তাৰপৰা বৃটিছ সেনাই প্ৰধান সীমাবোৰ তদাৰক কৰিছিল। গোলাপ সিঙৰ পিছত ১৯২৫চনত বৃটিছে মহাৰাজ হৰি সিঙক ৰজা পাতে । হৰি সিঙো এজন ভাল শাসক আছিল তেওঁ নিজে ৰাজ্য শাসন শান্তিৰে কৰিব বুলি ভাবিছিল । ভাৰতৰ লগত তেওঁ সুসম্পৰ্ক আছিল।কাশ্মীৰৰ তিনটাফালে আছিল চীন, সোভিয়েত ৰাছিয়া আৰু আফগানিস্তান।

১৯৪৫ চনৰ ২চেপ্তেম্বৰত দ্বিতীয়বিশ্ব যুদ্ধ শেষ হোৱাৰ পিছত সেই সময়তেই বৃটেনত হাউচ অৱ কমনৰ নিৰ্বাচন হয় য’ত জয়ী হৈছিল লেবাৰ পাৰ্টিৰ নেতা ক্লিমেন্ট এটলি। তেওঁ প্ৰধান মন্ত্ৰী হৈ ঘোষনা কৰিছিল যে ভাৰতত লৰ্ড মাউন্ট বেটেনক ভাইচৰয় কৰিব আৰু ভাৰতবৰ্ষক ৫ জুন ১৯৪৮ চনত স্বাধীনতা প্ৰদান কৰিব। কিন্ত্ত মাউন্ট বেটেনে ভাৰতৰ পৰিস্হিতি দেখি যিমান সোনকালে পাৰি ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ পক্ষপাতি আছিল।তাৰ পৰিপেক্ষতেই ভাৰত আৰু পাকিস্তানক ক্ৰমে ১৫ আৰু ১৪ আগষ্ট ১৯৪৭ চনত স্বাধীনতা প্ৰদান কৰে। সেই সময়তেই কাশ্মীৰৰ গিলগিট বৃটিছে ৰজা হৰি সিঙক ঘূৰাই দিছিল। ৰজা হৰি সিঙে ব্ৰিগেডিয়াৰ ঘংসাৰ সিঙক গিলগিটৰ গবৰ্নৰ নিযুক্তি দিয়ে।

তেতিয়াও ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যত ৰজাৰ শাসন চলি থকাৰ দৰে আছিল যদিও বৃটিছ অধ্যুষিত আছিল। তেতিয়া মাউন্ট বেটেনে কৈছিল যে নিজৰ ইচ্ছা মতে সকলোৱে ভাৰত বা পাকিস্তানত যতেই বিছাৰে থাকিব পাৰিব। এই কামত ভাৰতৰ বাবে চৰ্দাৰ পেটেলক আৰু পাকিস্তানৰ বাবে জিন্নাক নিয়োগিত কৰিছিল। লগতে ৰজাৰ অধ্যুষিত ৰাজ্যবোৰৰ বাবে বাটলাৰ কমিটি গঠন কৰিছিল । কিন্ত্ত ৫৬৫ ৰাজ্যৰ ৫৬২ খনেই ভাৰতত থাকিবলৈ মন কৰিছিল । হাইদৰাবাদৰ নিজাম ওচমান আলি আৰু জোনাৰগড়ৰ নৱাব মোহম্মদ মোহাবত খানজিয়ে স্বতন্ত্ৰ ভাৱে থাকিবলৈ মন মেলিছিল। কিন্ত্ত এই ধনী ৰাজ্যবোৰত যদিও মুছলমান শাসক আছিল তথাপি প্ৰজা আছিল বেছিভাগেই হিন্দু ।তেওঁলোকে ভাৰত এৰি যাবলৈ মান্তি নহল আৰু অপাৰেচন পল’ৰ (Operation Polo) পিছত হাইদৰাবাদৰ নিজাম ১৯৪৮ ত ভাৰতৰ লগত অধিমিলন হয় কিন্ত্ত জোনাৰগড়ৰ নৱাব পাকিস্তানলৈ তেওঁৰ পৰিয়াল লৈ পলায় যায়। বৰ্তমান এই জোনাৰগড় গুজৰাটত।চৰ্দাৰ বল্লভ ভাই পেটেলৰ ভাৰতবৰ্ষলৈ অৱদান বহুত। ভাৰতবৰ্ষৰ এই ৫৬৫ খন ৰজা অধ্যুষিত ৰাজ্যক একত্ৰীকৰন কৰি ভাৰতবৰ্ষৰ অংশীদাৰ কৰাতোঁ প্ৰত্যাহ্বানমূলক আছিল।

তেনেকৈ কাশ্মীৰও আছিল স্বতন্ত্ৰ আৰু জিন্নাই এই ঠাইখনক লবলৈ মন কৰিছিল কিন্ত্ত হৰি সিঙ মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে যিহেতু কাশ্মীৰ কেইবাখনো দেশৰ সীমাৰেখাত গতিকে ইয়ালৈ অহা যোৱা আমদানি ৰপ্তানিৰ সকলো ৰাস্তা খোলা থাকিব।

স্বাধীনতাৰ পিছত কেবিনেট মিছনে সকলো দায়িত্ব সামৰি ভাৰত পাকিস্তান আৰু কাশ্মীৰৰ সৈতে অত্যাৱস্বকীয় বিভিন্ন কামৰ চুক্তি কৰিব বিছাৰোঁতে পাকিস্তানে সেই চুক্তিত থকা অত্যাৱশকীয় বস্ত্তৰ ক্ষেত্ৰত থকা বিশেষ নীতিৰ চুক্তিবোৰ কাটি দি চহী কৰিব লোৱাৰ ফলত ভাৰত আৰু কাশ্মীৰে সেই কথা মানি নললে।এই কথাত পাকিস্তান ক্ষুব্ধ হৈ পৰে।

১৯৪৭ চনৰ ২২ অক্টোবৰ। পাকিস্তানৰ সমৰ্থনত পাস্টুন নামৰ হাজাৰ হাজাৰ জনজাতি উগ্ৰবাদীয়ে সুসজ্জিত অস্ত্ৰৰে প্ৰায় দুশখন মান ট্ৰাকত শ্ৰীনগৰ সোমায় আৰু শ্ৰীনগৰ আক্ৰমণ কৰে । এই আক্ৰমনৰ আক্ৰোশৰ বলি কেৱল পুৰুষেই হোৱা নাছিল মহিলাসকলো এই পাষৱিক অত্যাচাৰৰ বলি হৈছিল। সিহঁত আগবাঢ়ি আহি ‘মহৰা পাৱাৰ হাউচ ‘কব্জা কৰি লৈ বিজুলী কাটি দিয়ে আৰু শ্ৰীনগৰৰ বাৰমুলাত মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে।

মহাৰাজ হৰি সিঙে বুজিছিল যে এই উগ্ৰপন্থিবোৰক পাকিস্তানে উচতাইকাশ্মীৰ আক্ৰমণ কৰিছিল। লগতে এইটো ও বুজিছিল যে ভাৰতে সহায় নকৰিলে পাকিস্তানে কাশ্মীৰ জবৰদস্তি অধিকাৰ কৰিব। ২৪-অক্টোবৰ-১৯৪৭ চনত ৰজা হৰি সিঙে গৱৰ্নৰ জেনেৰেল মাউণ্ট বেটেনলৈ কাশ্মীৰখন বচাবলৈ এখন এপিল পঠায়। লগে লগে কাশ্মীৰ সমস্যাৰ বুজ লবলৈ মাউন্ট বেটেনে সচিৱ পি বি মেননক কাশ্মীৰ পঠায়। ইয়াতে তেখেতৰ মহাৰাজ হৰি সিঙ আৰু প্ৰধান মন্ত্ৰী মেহৰ চন্দ্ৰ মহাজনৰ লগত কথা হয়। পৰিস্হিতিৰ প্ৰতি লক্ষ ৰাখি মেননে মহাৰজা হৰি সিঙক তেওঁৰ পৰিয়াল লৈ জম্মু যাবলৈ নিৰ্দেশ দিয়ে আৰু পৰিস্হিতিৰ বুজ লৈ তেওঁ আৰু মেহৰ চন্দ্ৰ মহাজন কোনোমতে উগ্ৰবাদীবোৰৰ চকুত ধুলি ভাৰতলৈ ঘূৰি আহে। তেওঁ লগে লগে লৰ্ড মাউন্ট বেটেনক কাশ্মীৰ উদ্ধাৰৰ বাবে সেনাবাহিনী পঠাবলৈ কয়। তেতিয়া মাউন্ট বেটেনে কয় যে ৰজা হৰি সিঙে এতিয়াও কোৱা নাই যে তেওঁ কাৰ লগত থাকিব। ‘Instrument of accession’ মানি নললে এনেকৈ সহায় কৰিব নোৱাৰিব বুলি কয় আৰু তেওঁলোকক আকৌ জম্মুলৈ পঠায়।

তেতিয়াই পাকিস্তানৰ বৰ্বৰতাৰ প্ৰকৃত স্বৰূপ হৰি সিঙৰ সন্মূখত স্পষ্ট ৰূপত প্ৰকাশিত আছিল আৰু ভাৰতৰ লগত মিলিত হব বিছাৰাৰ কথাও মত প্ৰকাশ কৰে। সেইসময়ৰ ২৬-অক্টোবৰ-১৯৪৭ চনত এই চুক্তিপত্ৰত চহী কৰে য’ত তিনটা বিশেষ বিষয় ৰক্ষা ,বিদেশী মন্ত্ৰালয় আৰু সঞ্চাৰ বিভাগ ভাৰত চৰকাৰৰ ওপৰত দায়িত্ব দিয়ে ।এই চুক্তিক কোৱা হয় “Instrument of accession” মহাৰাজা হৰি সিঙ আৰু তৎকালীন গবৰ্নৰ জেনেৰেলৰ লগত হোৱা এই চুক্তিয়ে ইয়াকে বুজাইছিল যে সমগ্ৰ জম্মু কাশ্মীৰ ভাৰতবৰ্ষৰ। ‘Instrument of accession’ বা অধিমিলন চুক্তি পত্ৰ আছিল সেই ৰাজ্যবোৰৰ বাবে যিবোৰত ৰজাৰ শাসন আছিল আৰু ভাৰত বা পাকিস্তানৰ লগত মিলিত হবলৈ হলে কিছুমান নিয়মৰ আধাৰত চুক্তিপত্ৰত চহী কৰিব লাগিব।

চুক্তিত চহী কৰাৰ পিছতো হৰি সিঙৰ মনত এটা শঙ্কা আছিল যে যদি ভাৰতীয় সেনা শ্ৰীনগৰ নাহে তেতিয়া কি হব? সেই কথা ভাবি তেওঁ তেওঁৰ এজন এ ডি চি কেপ্টেন দীৱান সিঙক মাতে আৰু কয় যে যদি কাইলৈ ভাৰতীয় সেনাই কাশ্মীৰ বচাবলৈ নাহে তেনেহলে তেওঁক যেন গুলিয়াই মাৰে।

কিন্ত্ত চৰ্দাৰ বল্লভ ভাই পেটেল আছিল দৃঢ় প্ৰতিজ্ঞাবদ্ধ যেনেকৈয়ে নহওক যিহেতু ভাৰতবৰ্ষই কাশ্মীৰৰ ৰজাক কথা দিছে আৰু কাশ্মীৰ এতিয়া ভাৰতবৰ্ষৰ অংশ গতিকে কাশ্মীৰক ৰক্ষা কৰাটো ভাৰতৰ প্ৰধান কৰ্তব্য। পেটেলৰ আকোঁৰগোজত ২৭-অক্টোবৰত লেফটেনেন্ট কৰ্নেল দীৱান ৰঞ্জিত ৰাওৰ নেতৃত্বত ভাৰতীয় সেনা কাশ্মীৰলৈ ৰাওনা হয় আৰু পোন প্ৰথমে উগ্ৰবাদীৰ হাতৰ পৰা বিমানবন্দৰ ৰক্ষা কৰে। উল্লেখ যোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমজন বীৰ শ্বহীদ কুমাৰ ৰেজিমেন্টৰ সোমনাথ শৰ্মাই এই শ্ৰীনগৰ এয়াৰপৰ্ট উগ্ৰবাদীৰপৰা বছাবলৈ বীৰগতি লাভ কৰিছিল । তেওঁক স্বাধীন ভাৰতৰ প্ৰথম পৰমবীৰ চক্ৰ প্ৰদান কৰা হৈছিল। এয়াৰপৰ্টৰ বাহিৰত তেওঁৰ সমাধি আজিও আছে। যদি সময়ত তেওঁলোক নোপোৱাহেতেন কাশ্মীৰৰ ভৌগলিক পৰিচয় বেলেগ হলহেতেন।ভাৰতীয় সেনাৰবাবে সেই সময়খিনি আছিল যথেষ্ট প্ৰত্যাহ্বানমূলক আৰু সংকটপূৰ্ণ । কিন্ত্ত ভাৰতীয়সেনা হল বীৰ যোদ্ধা পিছলৈ ঘূৰি নোছোৱা ভাৰতীয় সৈন্যই এফালৰ পৰা পাকিস্তানৰ প্ৰৰোচনাত অহা উগ্ৰবাদীৰ ঘাটি নিঃশেষ কৰি আগবাঢ়ি গৈছিল।সেই সময়ত ভাৰতীয় সেনা এটা কথাত আচৰিত হৈছিল যে সেই উগ্ৰবাদীৰ লগত পাকিস্তানি সেনাও আছিল। বিভিন্ন প্ৰমানসহ ভাৰতীয় সেনাই তেওঁলোকক চিনাক্ত কৰিছিল আৰু ভাৰতীয় চৰকাৰক ইয়াৰ প্ৰমান দিছিল।

এই খবৰ শুনাৰ লগে লগে জিন্না খঙত জ্বলি উঠিল পাকিস্তানৰ সেনাকো ৰাৱল পিণ্ডিৰে কাশ্মীৰলৈ পঠাবলৈ মন মেলিলে আৰু শ্ৰীনগৰ এয়াৰপৰ্ট নিজৰ দখললৈ অনাৰ বাবে চেষ্টা কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্ত্ত জেনেৰেল গ্ৰেচিয়ে কলে যে কাশ্মীৰ এতিয়া ভাৰতৰ অংশ আৰু ইযাত সেনাবাহিনী পঠোৱা মানে ভাৰতৰ লগত মুকলিকৈ যু্দ্ধ হোৱা। পাকিস্তানৰ হাতত যিহেতু পৰ্যাপ্ত সেনা নাই গতিকে এনেদৰে কৰাতো উচিত নহব। আচলতে অলপতে স্বাধীনতা লাভ কৰা দুয়োখন দেশৰ কমাণ্ডাৰিং চিফ ইংৰাজ আছিল।একেখন দেশৰ মুখ্য সেনাধক্ষই তেওঁৰেই দেশৰ সেনাসকলক দুখন বেলেগ বেলেগ দেশৰ বাবে যুদ্ধত খটুৱাবলৈ দিদ্ধাবোধ কৰিছিল। সেয়ে ভাৰত আৰু পাকিস্তানৰ চীফ সেনাদক্ষ্য অকিনলেকে (Claude Auchinleck) মানা কৰিছিল। তেওঁ দুয়োখন দেশৰ মুখ্য সেনা প্ৰমুখ্যে আছিল। তেওঁ কৈছিল যে যিহেতু কাশ্মীৰ ভাৰতৰ গতিকে আৰু যদি এই কথা পুনৰাবৃত্তি হয় তেনেহলে পাকিস্তানৰ পৰা সকলো বৃটিছ সেনাক লৈ আনিব। ইফালে ভাৰতেও ৩১-ডিচেম্বৰ-১৯৪৭ চনত UNO ক উগ্ৰবাদীৰ লগত পাকিস্তানি সেনাই মিলিত হৈ কৰা অত্যাচাৰৰ বিষয়ে প্ৰমানসহ অবগত কৰায় ।তেতিয়া UN য়ে United Nations Military Observer Group in India and Pakistan গঠন কৰি ,এই বিষয়ে নিৰিক্ষন কৰিবলৈ ছাৰ অৱেন দিকচন (Sir Owen Dixon) ক (অস্ট্ৰেলিয়াৰ মুখ্য ন্যায়ধীস) দিকচন কমিটি গঠন কৰি দুয়োখন দেশলৈ পঠায় ।সেই সময়ত দিকচন কমিটিৰ আগত পাকিস্তানে মানিছিল যে তেওঁলোকৰ সেনাও আছিল কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে প্ৰমান দিছিল।

সকলো পিনৰ পৰা উপাইবিহীন হৈ জিন্নাই গ‍ৱৰ্নৰ জেনেৰেল মাউন্টবেটেন আৰু জৱাহৰলাল নেহেৰুক কাশ্মীৰ সম্পৰ্কে কথা পাতিবলৈ লাহোৰলৈ মাতি পঠায়।

১ নবেম্বৰ ১৯৪৭ চন । মাউন্ট বেটেন অকলেই লাহোৰলৈ যাত্ৰা কৰে । তেওঁ লোকে মিটিং কৰোঁতেই জিন্নাই মানি লৈছিল যে আক্ৰমন প্ৰথমতে পাকিস্তানে কৰিছিল কিন্ত্ত মিটিঙখনৰ শেষ সিদ্ধান্তত উপনিত নৌহওঁতেই জৱাহৰলাল নেহেৰুৱে সেই বিশেষ ভাৱে চৰ্চিত ভাষন ৰেডিঅযোগে প্ৰচাৰ কৰে যে আমি সাজু যে কাশ্মীৰত কানুন আৰু শান্তি ব্যৱস্থা স্থিৰ হওক আৰু সংযুক্ত ৰাষ্ট্ৰৰ দৰে অন্তৰাষ্টীয় সংঘৰ (UNO) আগত জনমত সংগ্ৰহ কৰা হওক অৰ্থাৎ এই সম্পৰ্কে UNO ওপৰত সকলো এৰি দিয়ে। মাউন্ট বেটেন আৰু জৱাহৰলাল নেহেৰুৰ কি গোপন বুজাপৰাত এই ঘোষনা কৰা হৈছিল সেয়া দুৰ্বোধ্য আছিল।

সেইসময়তে কাশ্মীৰৰ পশ্চিমত ‘পুঁছ’ উত্তৰত ‘কাৰ্গিলৰ আৰু দাশ’ৰ পৰা পাকিস্তানৰ উগ্ৰবাদীক সম্পূৰ্ণকৈ আঁতৰাই খেদি পঠোৱা ভাৰতীয় সেনাই আৰু কেইদিন মান সময় বিছাৰিছিল যাতে সিহঁতৰ পুলি পোখা উঘালি পেলাব পাৰে কিন্ত্ত প্ৰধান মন্ত্ৰীজনে আৰু সময় নিদিয়াকে’ যুদ্ধ বিৰাম’ ঘোষনা কৰিছিল।

ইযাৰ পৰাই ভাৰত কাশ্মীৰৰ সেই দুৰ্দিনবোৰ আৰম্ভ হয়। বিশেষজ্ঞ কয় যে এই ভাষন সমজোৱাকৈ নিদিয়া হলে সমগ্ৰ কাশ্মীৰ ইমানদিন ভাৰতৰ হৈ থাকিলহেতেন।

UNO য়ে ১৩ আগষ্ট ১৯৪৮ চনত যুদ্ধবিৰাম কৰিবলৈ কয়। আৰু ১ জানুৱাৰী ১৯৪৯ ত দুয়োখন দেশৰ মাজত Ceasefire অৰ্থাত যুদ্ধবিৰাম প্ৰবৰ্তন কৰে ।আৰু চীজফায়াৰ কৰা ঠাইখিনিক ১৯৭২ চনৰ চিমলা চুক্তিত ‘Line of control (LOC) বা নিয়ন্ত্ৰণ ৰেখা বুলি কোৱা হয়।

LOC ৰ আগত পাকিস্তানে বলপূৰ্বকভাৱে কিছু ঠাই ৰাখি লয়। বলপূৰ্বকভাৱে ৰাখি লোৱা ঠাইখিনিৱেই হ’ল POK (Pakistan Occupied Kashmir ) বা পাকিস্তান অধ্যুষিত কাশ্মীৰ বুলি কোৱা হয়। পাকিস্তানত এই ঠাইখিনি প্ৰশাসনিকভাৱে চলাবৰ বাবে ১৯৭০ চনত দুটা ভাগত ভাগ কৰিছে। যিখিনি ভাৰতবৰ্ষৰ কাশ্মীৰৰ পশ্চিম কাশ্মীৰৰ ভূমিখণ্ড মীৰপুৰ মুজাফফৰাবাদ। এইখিনক পাকিস্তানে কয় ‘আজাদ কাশ্মীৰ’। ইয়াৰ ভূখণ্ড প্ৰায় ১৩,৩০০বৰ্গ কি.মি.। ইয়াত আঠখন জিলা আছে মীৰপুৰ, ভিম্বৰ, ক’টলী, মুজাফফৰাবাদ, বাগ, নীলম, পুঁছ আৰু ৰাৱলকোট। ১৯ টা মণ্ডল (তহচিল বা local government), ১৪২ টা পৰিষদ আছে। ইয়াত প্ৰায় চল্লিশ লাখ মানুহ আছে।

দ্বিতীয়ভাগ হল কাশ্মীৰৰ উত্তৰত থকা গিলগিট আৰু লডাখৰ পশ্চিম প্ৰান্তৰ বাল্টিস্তান।এইখিনিয়েই বিবাদিত অংশ।৭২,৯৭১ বৰ্গ কি.মি.ৰ ভূমিখণ্ডৰে জনসংখ্যা প্ৰায় ১০লাখ। পাকিস্তানে ইয়াৰ ৰাজধানী কৰিছে মুজাফফৰাবাদক।

গিলগিট বাল্টিস্তানত ইয়াত সাতখন জিলা আছে। ঘাঞ্চি, স্কাৰদ’শিগাৰ, কাৰমঙ, ৰাওণ্ড’, ঘিজাৰ, গ’পিচয়াচিন গিলগিট হুঞ্জা আদি জিলাৰে এই ঠাইখিনি অৱস্থিত ইয়াৰ সীমাৰেখা পাকিস্তান, আফগানিস্তান, চীন আৰু ভাৰত। হিন্দী, উৰ্দু , চীনা, বাল্টি তিব্বতি, বাখী ,বুৰুশস্কী আৰূ খবাৰ আদি ভাষা। ইয়াত বিশ হাজাৰৰো অধিক শিলত খোদিত বহু হাজাৰ বছৰীয়া কলা দেখিবলৈ পোৱা যায়। এওঁলোক খেতিপ্ৰধান। বক্সাইড ,কয়লা, মাৰ্বল, কাঠৰ বাবে এই ঠাই বিখ্যাত ।লগতে ৰেচম কাৰ্পেট আৰু ভেড়াৰ ঊণৰ ছল চুৱেটাৰ বনায়।ইয়াত আপেল,আখৰোট,চেৰি আদি প্ৰচুৰ পৰিমানে উৎপন্ন হয়স্কুল কলেজৰ সংখ্যা কম যদিও শিক্ষিত হাৰ বেছি

পাকিস্তান ইয়াতে ক্ষান্ত নাথাকি ১৯৬৩ চনত চীনৰ লগত চুক্তি কৰি (Sino-Pakistan agreement) কাশ্মীৰৰ ৰক্সম আৰু সক্সগম ঘাটিৰ এক বৃহৎ ভূমিখণ্ড চীনক উপহাৰ দিয়ে অৰ্থাৎ কাশ্মীৰৰ প্ৰায় পাঁচ হাজাৰ এশ আশী বৰ্গফুটৰ ভূমিক চীনক অৰ্পন কৰে।এইখিনি কাশ্মীৰৰ কাৰাকোৰম পৰ্বতমালা আৰু সাক্সগম নদীৰ পাৰত অবস্থিত এই ঠাইত চীনে এতিয়া হাইৱে আৰু ৰেল লাইন বনাই আছে। CPEC (China Pakistan Economic Corridor) ৰ জৰিয়তে চীনে জিংজিযাঙ প্ৰান্তৰ পৰা পাকিস্তানৰ গুৱাদাৰ পৰ্টলৈ গৈ যাতে মধ্য এচিয়াৰপৰা তেল লব পাৰে । এই ঠাইকে ‘Trans-Karakoram Track’ বুলি কোৱা হয়।

এই POK ত উত্তৰ পশ্চিম সীমান্তৰ প্ৰান্তৰ পৰা পশ্চিমত পাকিস্তানৰ পাঞ্জাব, উত্তৰ পশ্চিমত আফগানিস্তানৰ বাখান কৰিডৰ, উত্তৰে চীনৰ জিংজিয়াঙ স্বায়ত্ত-শাসিত ক্ষেত্ৰ হৈ ভাৰতৰ কাশ্মীৰৰ পূৰ্বত লাগিছেহি।

POK ৰ নিজৰ ৰাজ্যসভা আছে য’ত প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিও আছে; আছে উচ্চ আৰু উচ্চতম ন্যায়লয়ো কিন্ত্ত সেইবোৰ নামতহে।মণ্ডল , পৰিষদ সকলো আছে কিন্ত্ত ইছলামাবাদৰ পৰাই সকলো কাম পৰিচালিত হয়।

এই ঠাইৰ সুন্দৰতা অতুলনীয় লগতে প্ৰাকৃতিক সম্পদত অতি চহকী। কিন্ত্ত এই ঠাইৰ মানুহৰ অৱস্থা একেবাৰেই বেয়া বুলি কোৱা হয়। ইয়াৰ মানুহবোৰ বহুত দুখীয়া। পাকিস্তানে বলপূৰ্বক দখল কৰি তেওঁলোকক আস্বাস দি কয় যে যিদিনা এই ঠাইখিনি পাকিস্তানে সম্পূৰ্ণ ৰূপে পাব সেইদিনাহে ইয়াৰ বিকাশ হব। এই ঠাই খিনি উগ্ৰপন্থি জন্ম দিবলৈ প্ৰয়োগ হয়। এই দুখীয়া মানুহবোৰক উচতনি দি পাকিস্তানে সৰু সৰু লৰাবোৰৰ হাতত বন্দুক তুলি দি কেৱল ভাৰতৰ বিৰুদ্ধে প্ৰয়োগ কৰে। উল্লেখযোগ্য যে মোম্বাই আক্ৰমনৰ উগ্ৰপন্থী কাছাবক আৰু তেওঁৰ কেইবাজনো সংগীক এই মোজাফফৰাবাদতেই ট্ৰেইনিঙ দিয়া হৈছিল।

POK বা পাকিস্তান অধ্যুষিত কাশ্মীৰ ত থকা নাগৰিকসকলক কৰা অত্যাচাৰত অতিষ্ঠ হৈ তেওঁ লোকে বহুবাৰ পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। কিন্ত্ত এতিয়া আন্দোলন লাহে লাহে তীব্ৰতৰ হৈ পৰিছে। তেওঁলোকে পাকিস্তানৰ সেনাৰ অত্যাচাৰ আৰু মানৱ অধিকাৰ উলংঘনৰ বাবে বিৰোধ কৰিছে। POK ৰ বাসিন্দা লণ্ডনিস্থ সাংবাদিক আৰিফ আজাকিয়াই ইয়াৰ প্ৰকৃত ছবিখন বিশ্বৰ আগত ডাঙি ধৰে। POKত সাংবাদিকে এই ঠাইৰ সংবাদ স্বাধীনভাবে দিব নোৱাৰে ইয়াত বাক স্বাধীনতাতো আঘাত হনা হয়। ইয়াৰ বাসিন্দাই কয় যে পাকিস্তান চৰকাৰে তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰিছে। প্ৰান লয় মানুহৰ। মানুহৰ ওপৰত অত্যাচাৰ কৰে। কেৱল তেওঁৱে নহয় এতিয়া বহু জনে ইয়াৰ স্বৰূপ বিশ্ববাসীৰ ওচৰত উদঙাই দিছে। POK ৰ বাসিন্দাই এতিয়া স্বাধীনতা বিছাৰে পাকিস্তানৰ পৰা। UNHRC ত সেংগ হাসান সেৰিঙে (ইনস্টিটিউচন অৱ গিলগিট বাল্টিস্তানৰ ডাইৰেক্টৰ) জেনেভাত হোৱা মানৱ অধিকাৰ আয়োগৰ সন্মিলনত কয় যে গিলগিট বাল্টিস্তানত নাগিৰকৰ অপহৰণ আৰু নৰসংহাৰ এতিয়া সৰু কথা। নাগৰিকক কোনো স্বাধীনতা নিদিয়া আৰু বিৰোধ কৰাৰ লগে লগে শাস্তি বিহা দি মৃত্যু পৰ্যন্ত দিয়া হয় ।অপহৃত কোনো লোককে পুনৰ দেখা পোৱা নাযায়। সেয়ে এই নেতাজনে ভাৰতক এই ঠাইখিনি নিজৰ হাতলৈ আনিবলৈ অনুৰোধ কৰে যিহেতু এই ঠাইখিনি ভাৰতৰ গতিকে ভাৰতক তেওঁ অতি সোনকালে পদক্ষেপ লবলৈ অনুৰোধ জনায় ।কেৱল এওঁলোকেই নহয় এনে বহু নেতা আমেৰিকা লণ্ডন আদি ঠাইত থাকি পাকিস্তান বিৰুদ্ধী আন্দোলন চলাই আছে।

পাকিস্তানৰ চুপ্ৰিম কৰ্টে পাকিস্তান অধ্যুষিত এলেকাত জুনত নৱ নিৰ্বাচনৰ অনুমতি প্ৰদান কৰে। গিলগিট বাল্টিস্তানৰ চৰকাৰৰ কাৰ্যকাল জুন মাহত শেষ হব আৰু সেয়েহে বিধান সভা ভংগ হোৱাৰ পিছতে এই ঠাইত নিৰ্বাচন পতা হব আৰু লগে লগে এই ঠাই ইছলামাবাদৰ নিয়ন্ত্ৰণত থাকিব।কিন্ত্ত প্ৰকৃততে পাকিস্তানত সেনাই যি চৰকাৰ বিছাৰে তাকে হয়। অপ্ৰিয় হলেও সত্য কথা যে উগ্ৰপন্থীৰ মুক্ত বিছৰণ পাকিস্তানে এই ঠাইখিনিক দখল কৰি নাগৰিকক শোষণ কৰি আহিছে। ভাৰতৰ চৰকাৰে কয় যে লাডাখ, জম্মু কাশ্মীৰৰ দৰে গিলগিট মুজাফফৰাবাদ বাল্টিস্তান ভাৰতৰ অবিচ্ছেদ্য অংগ। গতিকে ইয়াত পাকিস্তানৰ কোনো হক নাই নিৰ্বাচন পাতিবলৈ। অবধ্যভাৱে নিজৰ কৰি লোৱা এই ভাৰতৰ ভূমিখণ্ডক শীঘ্ৰ ভাৰতক উভতাই দিব লাগে ।

ইয়াতে আৰু এটা প্ৰয়োজনীয় কথা উল্লেখ কৰিব লাগিব।জিন্নাই কাশ্মীৰক নিজৰ কৰি লোৱাৰ বাসনা ৰাখিছিল আৰু শেখ আব্দুলাই কাশ্মীৰৰ চুলটান হোৱাৰ।ৰজা হৰি সিঙে ৰাজ্য শাসন কৰা কেইবছৰমান যোৱাৰ পিছতে শিক্ষিত নেতা শেখ আব্দুলায়ে ১৯৩২ চনত ‘All Jammu Kashmir Muslim Conference’ নামৰ সংগঠন খুলিছিল আৰু ইয়াৰদ্বাৰা লাহে লাহে তেওঁ জনপ্ৰিয় নেতা ৰূপে পৰিগনিত হৈছিল কিন্ত্ত তেওঁ মনে মনে ভাবিছিল যে যদি মহাত্মা গান্ধী, পেটেল, নেহেৰুৰ দৰে দ্বিগজ নেতাৰ ওচৰ চাপিবলৈ হলে সংঘঠনৰ নাম সলনি কৰি সকলোকে একত্ৰিত কৰিব লাগিব ।১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই শেখ আব্দুলায়ে সংগঠনৰ নাম সলনি কৰি নেছনেল কনফাৰেঞ্চ পাৰ্টি (National conference party) নাম ৰাখে আৰু নতুন কাশ্মীৰ সম্পৰ্কে মানুহক অবগত কৰায়।এইদৰে লাহে লাহে তেওঁ নেহেৰুৰ ওচৰ চাপিবলৈ সক্ষম হল আৰু আপোন হৈ পৰিল।পণ্ডিত জৱাহৰলাল নেহেৰুৰ কথাতেই মহাৰাজ হৰি সিঙে শেখ আব্দুলাক জম্মুৰ প্ৰধান মন্ত্ৰী পাতিছিল।ইয়াৰ পিছতেই শেখ আব্দুলাই১৯৪৬ ত জনাতাৰদ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰ চৰকাৰ গঠনৰ ইচ্ছা প্ৰকট কৰি এক আন্দোলন গঢ়ি তুলিছিল মহাৰাজ হৰি সিঙৰ বিপক্ষে । ‘মহাৰাজ কাশ্মীৰ চৰ’ আন্দোলন গঢ়ি তুলিছিল। ইয়াৰ বাবে জেল খাতিব লগীয়াও হৈছিল। পিছৰ পৰ্যায়তো মূখ্যমন্ত্ৰী হৈছিল যদিও কাশ্মীৰৰ ষৰযন্ত্ৰৰ (Kashmir conspiracy issue )বাবে প্ৰায় এঘাৰ বছৰ জেলত আছিল।

ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষৰ বাবে সংবিধান প্ৰস্ত্তত কৰাৰ দায়িত্ব দিছিল ডঃ ভীম ৰাও আম্বেদকাৰক । আব্দুলাই কাশ্মীৰৰ সংবিধানৰ ড্ৰাফ্ট তৈয়াৰ কৰিছিল আৰু কাশ্মীৰক ‘বিশেষ মৰ্যাদা প্ৰাপ্ত’ ৰাজ্যৰ স্বীকৃতি দিবলৈ চেষ্টা কৰিছিল।সংবিধান বিশেষজ্ঞসকলৰ মতে ডঃ ভীম ৰাও আম্বেদকাৰ অনুচ্ছেদ ৩৭০ৰ পক্ষপাতি নাছিল।আৰু স্পষ্ট ৰূপত এই অনুচ্ছেদ অস্থায়ী ৰূপতহে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল।এই অনুচ্ছেদৰ কাৰণেই হয়তু কাশ্মীৰ বাসিন্দাই দুটা নাগৰিকত্ব লাভ কৰিছিল। ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ বাবে কোনো সন্মান নাছিল। যাৰ বাবে ধাৰা ৩৫৬ বা ৰাষ্ট্ৰপতি শাসন দিব নোৱাৰে কাৰণ ৰাজ্যচৰকাৰে অনুমতি প্ৰদান নকৰে ।ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ নাগৰিকৰ লগত কাশ্মীৰ মহিলা বিবাহপাশত আবদ্ধ হলে তেওঁলোকে কাশ্মীৰৰ নাগৰিকত্ব হেৰুৱাইছিল কিন্ত্ত ইয়াৰ বিপৰীতে পাকিস্তানৰ নাগৰিকৰ লগত কাশ্মীৰৰ মহিলাই বিবাহপাশত আবদ্ধ হোৱা হেতু সেই দেশৰ নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল।এনে কেইবাটাও অদ্ভুত নিয়মৰ সমাহাৰ আছিল অনুচ্ছেদ ৩৭০। লাহে লাহে যেন কাশ্মীৰ খনতো উগ্ৰপন্থিৰে ভৰি পৰিছিল।২০১৯ চনৰ ৫ আগষ্টত ‘জম্মু কাশ্মীৰ পুনৰ গঠন অধিনিয়ম২০১৯’ ( Jammu and Kashmir reorganisation Act 2019) গৃহিত কৰি জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ নাইকিয়া কৰাৰ সিদ্ধান্ত লয় আৰু লাডাখ আৰু জম্মু কাশ্মীৰক দুখন পৃথক পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষনা কৰা হয় ।

১৯৯০ চনৰ ১৯ জানুৱাৰীত কাশ্মীৰি পণ্ডিতসকলক নিজৰ জন্মভূমিৰ পৰা কিমান শাৰিৰীক আৰু মামসিক অত্যাচাৰ কৰি খেদি পঠোৱা হৈছিল সেইবোৰ নজনা কোনো নাই চাগৈ ।

এতিয়া ভাৰতৰ বতৰ বিজ্ঞানে জম্মু কাশ্মীৰ আৰু লাডাখৰ লগতে গিলগিট, বাল্টিস্তান আৰু মুজাফফৰাবাদৰ বতৰৰ সম্পৰ্কেও ভাৰতবৰ্ষক অবগত কৰায় । যিটো বহুত দিন আগতেই হব লাগিছিল।

Ceasefire বা যুদ্ধবিৰাম পাকিস্তানে আজি ৭১ বছৰে উলংঘণ কৰি আহিছে। আমাৰ সুৰক্ষাত LOC ত অনবৰত তৎপৰ হৈ থকা আমাৰ বীৰ সৈন্যসকলে সদায় সাহসেৰে যুঁজ দি বহুজন দেশৰ বাবে শ্বহীদো হৈছে। এটা কথা জানি আচৰিত হৈছো যে পাকিস্তানি সেনাই প্ৰতি বছৰত হাজাৰবাৰৰ ওপৰত সীমাত আক্ৰমন চলাই আহিছে ।দেশৰ সুৰক্ষাত নিজৰ প্ৰান দিয়া সেই বীৰ সকলৰ ওচৰত সঁচাকৈয়ে মুৰ দোঁ খাই যায়। ভাৰতত কেইবাবাৰো উগ্ৰপন্থীৰ উপদ্ৰৱ চলাই নিৰিহ জনতাৰ প্ৰাণ লোৱা পাকিস্তানৰ নীচ মানসিকতাক এতিয়া সকলোৱে বুজি পোৱা হৈছে। আজি সমগ্ৰ বিশ্বতেই কভিড ১৯ মহামাৰিৰ ত্ৰাস । এই ত্ৰাসৰ মাজতো কিন্ত্ত পাকিস্তানৰ মানসিকতা একেই আছে। সীমাত গুলিবৰ্ষণ কৰিয়েই আছে। এই ত্ৰাসৰ মাজতো আমি কেইবাজনো মহান সাহসী বীৰ সেনাক হেৰুৱাইছো। এতিয়া সকলোৱে বাট চাই ৰৈ আছে POK ৰ এই সমস্যা সমাধান হোৱালৈ।


(c) প্ৰীতি ৰেখা বৰা
১৬/০৫/২০২০

Indian_soldiers_fighting_in_1947_war

Indian Army during 1947-1948 war

Sir_Hari_Singh_Bahadur,_Maharaja_of_Jammu_and_Kashmir,_1944

Maharaja Hari Singh of Jammu and Kashmir

Source of Image: https://en.wikipedia.org/wiki/Indo-Pakistani_War_of_1947%E2%80%931948

মন্তব্য দিয়ক